মই দিহিং পাটকাইয়ে কৈছোঁ

Picture of an Elephant of Sanctuary 'Dehing Patkai'

Supriya Koushik Kotoky sitting in a Garden
পাৰা যদি কোৱা 
উত্তপ্ত ৰ'দত বীজ সিঁচি
চিৰাল ফাট দিয়া পথাৰত কৃষকৰ তেজেৰে ভঁৰাল পূৰাব
পাৰা যদি কোৱা 
বেঙুনীয়া ৰশ্মিৰে ৰামধেনু সাঁজি
সেউজগৃহ ধোঁৱাৰ অাঁৰত লুকাব…
পানী নহলেও জীপাল হ'ব,
অস্কিজেন নহলেও জীয়াব…
মেলিব পাৰিবা যদি ৰাজ-অাট্ৰালিকাত সপোনৰ পোখা
জিনিব পাৰিবা যদি জগতত নাম নাৰাখি শিপা…
যদি পাৰা জনাবা মোক
ত্যাগ কৰিবলৈ সাজু
মই মোৰ  সেউজীয়াক…………
মই দিহিং  পাটকাইয়ে কৈছোঁ...
Shivangi Thakkar

Just a gregarious lass who likes to play with words.

1 Comments

If you have any queries, you can contact us.

  1. Your writing skills are very unique and it made me speechless. Would love to read more of such content.💯

    ReplyDelete
Previous Post Next Post